92 অধ্যায়
এটি গীত। বিশ্ৰামবাৰৰ অৰ্থে সঙ্গীত।
1 যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম;
হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;
2 ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা
আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;
3 দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে,
গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।
4 কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা;
মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।
5 হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ!
তোমাৰ চিন্তাবোৰ কেনে গভীৰ!
6 নির্বোধ লোকে নাজানে,
বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;
7 দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে,
অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে,
তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।
8 কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।
9 কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ,
তোমাৰ শত্রুবোৰ ধ্বংস হ’ব;
তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।
10 কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক* শিং তুলি ধৰিলা;
তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল† আশীর্বাদেৰে আনন্দিত কৰিলা ঢালি দিলা।
11 মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ;
মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।
12 ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব;
লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।
13 তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল;
তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
14 তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব;
তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;
15 তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান;
তেৱেঁই মোৰ শিলা,
তেওঁত কোনো অধার্মিকতা নাই।